1 বৈথনিয়া গাৱঁৰ লাজাৰ নামৰ এজন ব্যক্তিৰ অসুখ হৈ আছিল। মৰিয়ম আৰু তাইৰ বায়েক মাৰ্থাও সেই গাৱঁতে থাকে। 2 এওঁ সেই জনী মৰিয়ম, যি গৰাকীয়ে পাছত প্রভুৰ ওপৰত বহুমূল্য সুগন্ধি তেল ঢালি নিজৰ চুলিৰে প্রভুৰ চৰণ মচি মচি সানি দিছিল। তেওঁৰে ভায়েক এই লাজাৰ অসুস্থ আছিল। 3 সেয়ে লাজাৰৰ বায়েক ভনীয়েক দুজনীয়ে যীচুলৈ এই কথা কৈ পঠিয়ালে, “প্ৰভু, চাওকহি, আপুনি যাক প্ৰেম কৰে, তেওঁ নৰিয়াত পৰি আছে।” 4 যীচুৱে এই কথা শুনি ক’লে,
5 মাৰ্থা, তেওঁৰ ভনীয়েক আৰু লাজাৰক যীচুৱে প্ৰেম কৰিছিল। 6 তেওঁ যেতিয়া শুনিলে যে লাজাৰ অসুস্থ, তেতিয়া তেওঁ যি ঠাইত আছিল তাতে পুনৰ দুদিন থাকিল। 7 তাৰ পাছতহে তেওঁ শিষ্য সকলক ক’লে,
8 শিষ্য সকলে তেওঁক ক’লে, “ৰব্বি, এই কিছুদিনৰ আগেয়ে ইহুদী সকলে আপোনাক শিল দলিয়াই মাৰিবলৈ বিচাৰিছিল; আকৌ তালৈকে যায় নে?” 9 যীচুৱে উত্তৰ দিলে,
17 যীচুৱে আহি শুনিব পাৰিলে যে লাজাৰক মৈদাম দিয়া চাৰি দিন হ’ল। 18 বৈথনিয়া যিৰূচালেমৰ ওচৰতে, প্রায় দুই মাইলমানৰ[~1~] দূৰত্ব; 19 ইহুদী সকলৰ অনেকেই মাৰ্থা আৰু মৰিয়মক ভায়েকৰ কাৰণে সান্ত্বনা দিবলৈ আহি আছিল। 20 এনেতে মাৰ্থাই যেতিয়া যীচু অাহিছে বুলি শুনিলে, তেতিয়া তেওঁৰ লগত দেখা কৰিবলৈ গ’ল; কিন্তু মৰিয়ম তেতিয়াও ঘৰতে বহি আছিল। 21 মাৰ্থাই যীচুক ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলহেঁতেন; 22 কিন্তু এতিয়াও মই জানো যে, ঈশ্বৰৰ আগত আপুনি যিহকে যাচনা কৰিব, ঈশ্বৰে আপোনাক তাকে দিব।” 23 যীচুৱে তেওঁক ক’লে,
28 এই কথা কৈ, মার্থা তাৰ পৰা আতৰি গ’ল আৰু ভনীয়েক মৰিয়মক গুপুতে মাতি ক’লে, “গুৰু আহিল, আৰু তোমাক মাতিছে।” 29 মৰিয়মে তাকে শুনি ততাতৈয়াকৈ উঠি তেওঁৰ ওচৰলৈ গ’ল। 30 যীচুৱে তেতিয়াও গাঁৱৰ মাজত প্রৱেশ কৰা নাছিল। মাৰ্থাই যি ঠাইত তেওঁৰ লগত দেখা কৰিবলৈ আহিছিল, তেওঁ সেই ঠাইতে আছিল। 31 যি ইহুদী সকল মৰিয়মৰ সৈতে ঘৰত আছিল আৰু তেওঁক সান্ত্বনা দি আছিল, তেওঁলোকে মৰিয়মক বেগাই উঠি বাহিৰলৈ যোৱা দেখি, তেওঁৰ পাছে পাছে আহিল। তেওঁলোকে ভাৱিলে যে মৰিয়মে মৈদামৰ ওচৰত কান্দিবলৈ গৈছে। 32 যি ঠাইত যীচু আছিল, মৰিয়মে সেই ঠাই পাই, তেওঁৰ চৰণত পৰি ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলেহেঁতেন।” 33 যীচুৱে যেতিয়া দেখিলে যে মৰিয়মে কান্দিছে আৰু তেওঁৰ লগত অহা ইহুদী সকলেও কান্দিছে, তেতিয়া তেওঁ আত্মাত যন্ত্ৰণা পালে আৰু গভীৰ ভাবে উদ্বিগ্ন হৈ পৰিল। 34 তেওঁ ক’লে,
38 তেতিয়া যীচুৱে পুনৰ নিজে অন্তৰত যন্ত্ৰণা পালে, আৰু মৈদামৰ ওচৰলৈ গ’ল। সেই মৈদাম এটা গুহা আছিল। গুহাৰ মুখত এচটা শিল পাতি থোৱা আছিল। 39 যীচুৱে ক’লে,
45 মৰিয়মৰ ওচৰলৈ যি সকল ইহুদী লোক আহিছিল, সেই লোক সকলৰ মাজৰ অনেকে যীচুৱে যি কৰিলে তাকে দেখি তেওঁক বিশ্বাস কৰিলে। 46 কিন্তু তেওঁলোকৰ কিছুমানে ফৰীচী সকলৰ ওচৰলৈ গৈ, যীচুৱে যি কৰিলে, সেই সকলোকে তেওঁলোকক জনালে।। 47 তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে একেলগে পৰিষদক লগত লৈ মহাসভা পাতি ক’লে, “আমি এতিয়া কি কৰিম? এই মানুহে দেখোন অনেক আচৰিত চিনৰ কার্য কৰিছে; 48 তাক যদি আমি এইভাৱে এনেয়ে এৰি দিওঁ, তেনেহলে সকলো মানুহে তাক বিশ্বাস কৰিব। তেতিয়া ৰোম দেশীয় লোক সকলে আহি আমাৰ জাতি আৰু ঠাই উভয়কে অধিকাৰ কৰি ল’ব।” 49 কিন্তু তেওঁলোকৰ মাজত কায়াফা নামৰ এজন, যি জন সেই বছৰত মহা-পুৰোহিত হৈছিল, তেওঁ তেওঁলোকক ক’লে, “তোমালোকে একোকে নাজানা। 50 তোমালোকে ভাৱিও নোচোঁৱা যে, সকলোৰে লগত আমাৰ জাতিৰ বিনাশ হোৱাতকৈ, বৰং তোমালোকৰ পক্ষে সকলো লোকৰ কাৰণে এজন মানুহৰ মৃত্যু হোৱাই ভাল।” 51 এই কথা কায়াফাই যে নিজৰ পৰা ক’লে এনে নহয়; কিন্তু সেই বছৰত মহা-পুৰোহিত হোৱা বাবে ভাববাণী স্বৰূপে ক’লে যে, সকলো জাতিৰ কাৰণে যীচুৱে মৃত্যুবৰণ কৰিব লাগিব। 52 কিন্তু যীচুৱে যে কেৱল ইহুদী জাতিৰ কাৰণে মৃত্যুবৰণ কৰিব, তেনে নহয়; কিন্তু ঈশ্বৰৰ যি সকলো সন্তান চাৰিওফালে সিচঁৰতি হৈ আছে, সেই সকলোকে যেন একত্রিত কৰিব পাৰে, এই কাৰণে যীচুৱে মৃত্যুবৰণ কৰিব। 53 সেইদিনা খনৰ পৰা তেওঁলোকে যীচুক বধ কৰিবলৈ ষড়যন্ত্র কৰিবলৈ ধৰিলে।
54 সেয়ে, যীচুৱে তেতিয়া প্রকাশ্যে ইহুদী সকলৰ মাজত চলা-ফুৰা বন্ধ কৰি দিলে। তেওঁ সেই ঠাইৰ পৰা মৰুপ্রান্তৰৰ ওচৰৰ দেশত থকা ইফ্ৰয়িম নামেৰে এখন নগৰলৈ গ’ল আৰু তাত তেওঁ শিষ্য সকলৰ সৈতে থাকিল।
55 ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ দিন ওচৰ চাপি আহিছিল আৰু দেশৰ বহুলোকে পর্বৰ আগেয়ে নিজকে শুচি কৰিবৰ কাৰণে যিৰূচালেমলৈ গ’ল। 56 তাত তেওঁলোকে যীচুক বিচাৰিবলৈ ধৰিলে। তেওঁলোকে মন্দিৰত থিয় হৈ পৰস্পৰে কোৱা-কুই কৰিলে, “তেওঁ কি এই পৰ্বলৈ নাহিব নেকি? আপোনালোকে কি ভাৱে?” 57 প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে এই আজ্ঞা দিছিল যে, যীচু ক’ত আছে সেই বিষয়ে যদি কোনোবাই জানে, তেনেহলে খবৰটো তেওঁলোকক জনাওঁক যাতে তেওঁলোকে তেওঁক ধৰিব পাৰে।
<- যোহনে লিখা শুভবাৰ্তা 10যোহনে লিখা শুভবাৰ্তা 12 ->*11 অধ্যায়:18 প্ৰায় তিনি কিলোমিটাৰ