16মই তোমালোকক অতি স্বৰূপকৈ কওঁ, নিজ গৰাকীতকৈ দাস ডাঙৰ নহয়; আৰু যি জনে পঠালে সেই জনতকৈ পঠোৱা বাৰ্তাবাহক জন ডাঙৰ নহয়।17তোমালোকে এই সকলোবোৰ পালন কৰা; এইবোৰ পালন কৰিলে, তোমালোক আশীৰ্বাদৰ ভাগী হবা।18তোমালোকৰ সকলোৰে বাবে এই বিষয়ে কথা কৈছোঁ এনে নহয়; কিন্তু যি সকলক মই জানো তেওঁলোককহে মনোনীত কৰিলোঁ, তেওঁলোকক জানো; কিন্তু ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ; ‘যি জনে মোৰ পিঠা খায়, সেই জনে মোৰ বিৰুদ্ধে গেৰুৱা দাঙিলে।’
19এইদৰে যেতিয়া ঘটিব, তেতিয়া ময়েই যে সেই জন হয়, ইয়াক তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই এতিয়াৰ পৰা তোমালোকক কৈ আছোঁ।20মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি জনক পঠাই দিওঁ, তেওঁক যি কোনাৱে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।”
যীচুক শত্ৰুৰ হাতত শোধাই দিওঁতা জন প্ৰকাশিত হোৱা
21 এই কথা কৈ, যীচুৱে আত্মাত বিৰক্তি পাই সাক্ষ্য দি ক’লে, “মই তোমালোকক অতি সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনেই মোক বিশ্বাসঘাতকতা কৰিব৷”22 শিষ্য সকলে ইজনে সিজনৰ মুখলৈ চাব ধৰিলে, কিন্তু কোন জনৰ বিষয়ে এই কথা ক’লে, সেই বিষয়ে নজনাৰ বাবে তেওঁলোক আচৰিত হ’ল।
23 যীচুৰ শিষ্য সকলৰ মাজৰ এজনক তেওঁ বহুত প্ৰেম কৰিছিল সেই শিষ্য জনে মেজৰ কাষত হেলনীয়া হৈ পৰি যীচুৰ বুকুৰ কাষতে আছিল৷ 24 তেতিয়া চিমোন পিতৰে ইঙ্গিত দি সেই শিষ্য জনক ক’লে, “তেওঁ কাৰ বিষয়ে এই কথা কৈছে, সোধাচোন”? 25 তেতিয়া তেওঁ যীচুৰ বুকুলৈ হাউলি গৈ সুধিলে, “হে প্ৰভু, সেই জন নো কোন?”
28 কিন্তু তেওঁ কিয় এই কথা ক’লে, সেই বিষয়ে তেওঁৰ লগত মেজত ভোজন কৰিবলৈ বহা লোক সকলৰ কোনেও বুজি পোৱা নাছিল৷ 29 কিয়নো কিছুমানে ভাবিলে যে, যিহূদাৰ লগত ধনৰ জোলোঙা থকাৰ কাৰণে, ‘পৰ্বলৈ যি যি লাগে সেইবোৰ কিনিবলৈ নাইবা দৰিদ্ৰ সকলক কোনো বস্তু দিবলৈ’ যীচুৱে তেওঁক এই কথা ক’লে,। 30 তাতে তেওঁ সেই পিঠা ডোখৰ গ্ৰহণ কৰি, তেতিয়াই বাহিৰলৈ গ’ল। সেই সময়, নিশাৰ সময় আছিল।