1 তাৰ পাছত দ্বিতীয়বাৰৰ বাবে যিহোৱাৰ বাক্য যোনাৰ ওচৰলৈ আহিল। 2 তেওঁ ক’লে, “তুমি উঠি সেই মহানগৰ নীনবিলৈ যোৱা আৰু মই যি কথা তোমাক ক’বলৈ দিম, সেই কথা তাত ঘোষণা কৰিবা।” 3 তেতিয়া যোনাই যিহোৱাৰ কথা অনুসাৰে নীনবিলৈ গ’ল। নীনবি এখন অতি ডাঙৰ নগৰ আছিল; গোটেই নগৰখন ঘূৰিবলৈ তিনি দিন[~1~]ৰ সময় লাগে। 4 যোনাই সেই নগৰত সোমাই এদিনৰ বাট গ’ল আৰু এই কথা ঘোষণা কৰিলে, “চল্লিশ দিনৰ পাছত নীনবি ধ্বংস হৈ যাব।”
5 তেতিয়া নীনবিৰ লোকসকলে ঈশ্বৰক বিশ্বাস কৰিলে আৰু তাৰ কাৰণে উপবাস ঘোষণা কৰিলে; ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট্ কাপোৰ পিন্ধিলে। 6 শীঘ্রেই সেই খবৰ গৈ ৰজাৰ কাণত পৰিল। তেতিয়া তেওঁ সিংহাসন এৰি উঠি আহিল আৰু গাৰ পৰা ৰাজবস্ত্ৰ সোলোকাই চট্ কাপোৰ পিন্ধি ছাঁইত বহিল। 7 তাৰ পাছত তেওঁ নীনবিত তেওঁৰ আৰু তেওঁৰ মন্ত্ৰীসকলৰ যোগেদি এই আদেশ ঘোষণা কৰালে:
*3 অধ্যায়:3 খোজেৰে গলে তিনি দিনৰ বাট।