1 যীচুৱে ক’ব বিচৰা সকলো কথা মানুহবোৰে শুনিব পৰাকৈ কোৱাৰ পাছত তেওঁ কফৰনাহূম চহৰত সোমাল৷
2 সেই ঠাইত[~1~] এজন এশৰ সেনাপতিৰ প্ৰিয় দাস অসুস্থ হৈ মৰোঁ মৰোঁ অৱস্থাত আছিল৷ 3 কিন্তু সেনাপতিয়ে যেতিয়া যীচুৰ বিষয়ে শুনিবলৈ পালে, তেতিয়া অসুস্থ দাস জনক ৰক্ষা কৰিবৰ বাবে যীচুক অনুৰোধ কৰিবলৈ ইহুদী সকলৰ কেইজনমান পৰিচাৰকক পঠিয়াই দিলে৷ 4 তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ আহিল আৰু অতিশয় বিনয় কৰি ক’লে, “যাৰ বাবে আপোনাৰ ওচৰত আহিছোঁ, তেওঁলৈ আপুনি যেন অনুগ্ৰহ কৰিব; তেওঁ এনে অনুগ্ৰহ পাবৰ যোগ্য ব্যক্তি৷ 5 কিয়নো তেওঁ আমাৰ দেশীয় লোকক প্ৰেম কৰে আৰু নাম-ঘৰটোও তেৱেঁই আমাৰ বাবে সাজি দিলে৷”
6 তেতিয়া যীচুৱে তেওঁলোকৰ লগত গৈ ঘৰৰ ওচৰ পাওঁতে, সেই সেনাপতিয়ে বন্ধুবোৰক তেওঁৰ ওচৰত কবলৈ পঠালে যে, “হে প্ৰভু, নিজকে দুখ নিদিব; কিয়নো আপুনি যে আহি মোৰ ঘৰৰ ভিতৰত সোমাব, মই এনে যোগ্য নহওঁ; 7 সেই কাৰণে ময়ো আপোনাৰ ওচৰলৈ যাবৰ বাবে যোগ্য হৈছোঁ বুলি নাভাবিলোঁ; কিন্তু মাত্ৰ এষাৰ বাক্য কওক, তাতে মোৰ দাস যেন সুস্থ হ’ব। 8 কিয়নো মই পৰৰ ক্ষমতাৰ অধীন মানুহ, মোৰ অধীনতো সেনাবোৰ আছে; মই এজনক যোৱা বুলিলে, সি যায় আৰু আন এজনক আহা বুলিলে, সি আহে৷ মোৰ দাসক এইটো কৰ বুলিলে, সি কৰে।”
9 যীচুৱে এই কথা শুনি অতি বিস্ময় মানিলে আৰু মুখ ঘূৰাই তেওঁৰ পাছে পাছে ভিৰ কৰি অহা লোক সকলক ক’লে,
11 ইয়াৰ কিছুদিনৰ পাছত, যীচু নায়িন নামেৰে এখন নগৰলৈ গৈ আছিল৷ তাতে তেওঁৰ শিষ্য সকল আৰু এজাক মানুহৰ এটা দল তেওঁৰ লগত গৈ আছিল। 12 যেতিয়া তেওঁ গৈ নগৰৰ দুৱাৰৰ ওচৰ পালে, তেতিয়া এজন মৃত লোকক কিছুমান মানুহে বাহিৰলৈ কঢ়িয়াই লৈ আহি থকা দেখিলে৷ সেই মৃত লোক জন আছিল এজনী বিধৱাৰ একমাত্ৰ সন্তান৷ সেই নগৰৰ বহুত লোকে তেওঁৰ সংগে সংগে আহি আছিল। 13 তেতিয়া প্ৰভুৱে তেওঁক দেখি গভীৰ মৰমত তেওঁৰ ফালে চালে আৰু ক’লে,
16 ইয়াকে দেখি সকলোৰে ভয় লাগিল আৰু ঈশ্বৰৰ স্তুতি কৰি তেওঁলোকে কবলৈ ধৰিলে, “আমাৰ মাজত এজন মহান ভাৱবাদী ওলাল, আৰু ঈশ্বৰে তেওঁৰ মানুহবোৰলৈ দৃষ্টি কৰিলে৷” 17 পাছত গোটেই যিহুদীয়াত আৰু ইয়াৰ চাৰিওফালে থকা অঞ্চল সমূহত তেওঁৰ বিষয়ে এই কথা বিয়পি গ’ল।
18 পাছত[~3~] যোহনৰ শিষ্যবোৰে এই সকলোবোৰ ঘটনাৰ বিষয়ে যোহনৰ ওচৰত গৈ সম্বাদ দিলে। 19 তেতিয়া যোহনে তেওঁৰ দুজন শিষ্যক মাতি আনি প্ৰভুৰ ওচৰত শুধিবৰ বাবে পঠিয়ালে যে, “আহিব লগা জন আপুনিয়ে নে? নে আমি আন কোনো এজনৰ বাবে অপেক্ষা কৰি থাকিম?” 20 তেতিয়া সেই লোক দুজন যীচুৰ ওচৰলৈ আহিল আৰু ক’লে, “বাপ্তাইজক যোহনে আমাক আপোনাৰ ওচৰলৈ পঠিয়াইছে আৰু শুধিছে যে, ‘আহিবলগীয়া জন আপুনিয়েই নে? নে আন কোনো এজনৰ বাবে আমি অপেক্ষা কৰি থাকিম’?”
21 সেই সময়ত যীচুৱে অনেক লোকক ৰোগ, মহাব্যাধিৰ পৰা আৰোগ্য কৰিছিল আৰু ভূতৰ আত্মাৰ পৰা অনেকক মুক্ত কৰিছিল আৰু অনেক অন্ধক দৃষ্টি পাবলৈ অনুমতি দিছিল। 22 তেতিয়া তেওঁ তেওঁলোকক উত্তৰ দি ক’লে,
24 পাছত যোহনে পঠোৱা বাৰ্তাবাহক দুজন যেতিয়া ঘূৰি গ’ল, তেতিয়া যীচুৱে লোক সকলৰ আগত যোহনৰ বিষয়ে কবলৈ ধৰিলে,
27
28
29 সকলো মানুহে আৰু কৰ সংগ্রহকৰী সকলেও যীচুৰ কথা শুনি, যোহনৰ বাপ্তিস্মেৰে বাপ্তাইজিত হ’ল আৰু ঈশ্বৰক ধাৰ্মিক[~5~] বুলি স্বীকাৰ কৰিলে; 30 কিন্তু ফৰীচী আৰু পণ্ডিত সকলে তেওঁৰ দ্বাৰাই বাপ্তাইজিত নোহোৱাত ঈশ্বৰৰ অভিপ্ৰায় নিজৰ অৰ্থে বিফল কৰিলে৷
31
33
36 এদিন ফৰীচী সকলৰ এজন লোকে যীচুক তেওঁৰ ঘৰত ভোজন কৰিবলৈ অনুৰোধ কৰিলে৷ সেয়েহে তেওঁ সেই ফৰীচীৰ ঘৰত সোমাই ভোজনত বহিল। 37 সেই সময়ত নগৰত থকা এজনী পাতকী তিৰোতাই ফৰীচীৰ ঘৰত তেওঁ ভোজনত বহি থকা বুলি জানিবলৈ পায়, সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল আনিলে; 38 তাৰ পাছত তেওঁ যীচুৰ পাছফালে চৰণৰ ওচৰত থিয় হৈ কান্দি কান্দি চকুলোৰে তেওঁৰ চৰণ তিয়াই মুৰৰ চুলিৰে মচিলে আৰু তেওঁৰ চৰণত চুমা খাই, সুগন্ধি তেল সানিলে। 39 তেওঁক নিমন্ত্ৰণ কৰা ফৰীচীয়ে ইয়াকে দেখি নিজৰ মনতে ক’লে, ‘এওঁ ভাববাদী হোৱা হলে, এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন আৰু এওঁ কেনে তিৰোতা, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক তেওঁ জানিলেহেঁতেন’। 40 তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে,
41 যীচুৱে ক’লে
44 তেতিয়া তেওঁ সেই তিৰোতাৰ ফাললৈ মুখ ঘূৰাই চিমোনক ক’লে,
46
*7 অধ্যায়:2 মথি 8: 5-13
†7 অধ্যায়:15 মার্ক 5:42; যো 11:44
‡7 অধ্যায়:18 মথি 11:2-19
§7 অধ্যায়:27 মলা 3:1
*7 অধ্যায়:29 ৰো 3:4
†7 অধ্যায়:41 অৰ্থাৎ এদিনৰ মজুৰী
‡7 অধ্যায়:50 লূক 8:48; 18:42