4 কিয়নো ধাৰ্মিকতাৰ কাৰণে বিশ্বাস কৰা প্ৰত্যেক জনৰ বাবে খ্ৰীষ্ট হ’ল বিধানৰ সম্পূৰ্ণতা৷[~3~] 5 কাৰণ মোচিয়ে লিখিছে যে, যি মানুহে ব্যৱস্থামূলক ধাৰ্মিকতা পালন কৰে, তেওঁহে এই ধাৰ্মিকতাৰ দ্বাৰা জীয়াই থাকিব।
6 কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়, [~4~] “তুমি নিজ হৃদয়ত নক’বা যে, স্বৰ্গলৈ কোন উঠিব? অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ 7 বা, অগাধ ঠাইলৈ কোন নামিব? অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ৷”
8 কিন্তু ই কি কয়?
11 কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে, [~6~] “যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব।” 12 কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান৷ 13 কাৰণ যি কোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।[~7~]
14 এতেকে যি জনক তেওঁলোকে বিশ্বাস কৰা নাই, সেই জনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ’লে, কেনেকৈ শুনিব? 15 আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, [~8~] “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!”
16 কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ললে, এনে নহয়; কাৰণ যিচয়ায়ো কৈছে, [~9~] “হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে?” 17 এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।
18 কিন্তু মই কওঁ, “তেওঁলোকে জানো শুনিবলৈ পোৱা নাই? অৱশ্যে পালে৷
19 তদুপৰি মই কওঁ, “ইস্ৰায়েলৰ লোকে জানো জানিবলৈ পোৱা নাই?” প্ৰথমতে মোচিয়ে কৈছে, [~11~]
20 আৰু যিচয়ায়ো অতি সাহস কৰি কৈছে, [~12~]
21 কিন্তু ইস্ৰায়েলৰ লোকৰ বিষয়ে তেওঁ কৈছে, “আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই ওৰে দিনটো হাত মেলিলোঁ৷”
<- ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 9ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 11 ->*10 অধ্যায়:1 লূক 19:41, 42
†10 অধ্যায়:3 লূক 18:9-14
‡10 অধ্যায়:4 মথি 5:17; গালা 3:24
§10 অধ্যায়:6 দ্বি বি 30:11-14
*10 অধ্যায়:9 মথি 10:32, 33
†10 অধ্যায়:11 যিচ 28:16; 49:23
‡10 অধ্যায়:13 যোৱে 2:32
§10 অধ্যায়:15 যিচ 52:7
*10 অধ্যায়:16 যিচ 53:1; যো 12:37, 38
†10 অধ্যায়:18 গীত 19:4
‡10 অধ্যায়:19 দ্বি বি 32:21
§10 অধ্যায়:20 যিচ 65:1, 2